1 00:00:00,000 --> 00:00:05,000 প্ৰচুৰ সৃজনীশক্তি| প্ৰয়োজনৰ সময়ত আমাক লাগে প্ৰচুৰ সৃজনীশক্তি| 2 00:00:05,000 --> 00:00:13,000 আলোচনা কৰোঁ আহক| প্ৰচুৰ সৃজনীশক্তি আচৰিতভাৱে, উদ্ভূতভাৱে, যুক্তিপূৰ্ণভাৱে আৰু অযুক্তিপূৰ্ণভাৱে শক্তিশালী| 3 00:00:13,000 --> 00:00:17,000 সৃজনীশক্তিয়ে প্ৰচাৰ কৰিব পাৰে সহনশীলতা, জিনিব পাৰে স্বাধীনতা, 4 00:00:17,000 --> 00:00:20,000 শিক্ষাক এটা উজ্জ্বল আদৰ্শহেন কৰি দেখুৱাব পাৰে 5 00:00:20,000 --> 00:00:21,000 (হাঁহি) 6 00:00:21,000 --> 00:00:25,000 সৃজনীশক্তিয়ে বঞ্চনাৰ ওপৰত আলোকপাত কৰিব পাৰে, 7 00:00:25,000 --> 00:00:29,000 বা দেখুৱাব পাৰে যে আচলতে বঞ্চনা ঠিক দেখাৰ দৰে নহয় 8 00:00:29,000 --> 00:00:32,000 সৃজনীশক্তিয়ে কোনো ৰাজনীতিবিদক নিৰ্বাচিত কৰিব পাৰে, 9 00:00:32,000 --> 00:00:35,000 বা কোনো দলক অনিৰ্বাচিত কৰিব পাৰে, 10 00:00:35,000 --> 00:00:39,000 কোনো যুদ্ধক শোকাবহ বা ভেকোঁভাওনাহেন কৰি তুলিব পাৰে 11 00:00:39,000 --> 00:00:43,000 সৃজনীশক্তি কোনো সংস্কৃতিস্ৰষ্টা- আমাৰ টি-চাৰ্টত শ্লোগান লিখা 12 00:00:43,000 --> 00:00:45,000 আৰু আমাৰ মুখত কথা দিয়া 13 00:00:45,000 --> 00:00:48,000 কোনো বাটকটীয়া যিয়ে আমাক দেখুৱায় এটা সহজ বাট 14 00:00:48,000 --> 00:00:50,000 নৈতিকতাৰ অলঙ্ঘনীয় চক্ৰবেহুৰ মাজেদি| 15 00:00:50,000 --> 00:00:55,000 বিজ্ঞান চতুৰ, কিন্তু সৃজনীশক্তি তাতকৈ অলপ কম বোধগম্য 16 00:00:55,000 --> 00:00:58,000 আৰু বেছি যাদুকৰী| আৰু আমাক এতিয়া সেই যাদুৰ প্ৰয়োজন| 17 00:00:58,000 --> 00:01:00,000 এয়া সেই প্ৰয়োজনৰ সময়| 18 00:01:00,000 --> 00:01:02,000 আমাৰ জলবায়ু খৰকৈ সলনি হৈছে, খুব খৰকৈ| 19 00:01:02,000 --> 00:01:05,000 আৰু সৃজনীশক্তিৰ প্ৰয়োজন হৈছে সৃজনীশক্তিয়ে কৰিব জনা কামবোৰৰ বাবেঃ 20 00:01:05,000 --> 00:01:09,000 নাটকীয় কোনো সৃজনীশীল মতেৰে আমাক নতুন ধৰণেৰে চিন্তা কৰিবলৈ উদ্বুদ্ধ কৰি তুলিবৰ বাবে| 21 00:01:09,000 --> 00:01:11,000 আমাক আন ধৰণেৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰাৰ বাবে 22 00:01:11,000 --> 00:01:14,000 সৰু সৰু সৃজনীশীলতাৰ আনন্দময় টুকুৰাৰ সৈতে| 23 00:01:14,000 --> 00:01:17,000 এয়া মই জড়িত থকা তেনে এটুকুৰা কাম 24 00:01:17,000 --> 00:01:20,000 য'ত সৃজনীশীলতাই ৰাইজক পৰিবেশ সচেতন হ'বলৈ উদগনি দিব 25 00:01:20,000 --> 00:01:24,000 ভিডিঅ': পুৰুষঃ বুজিছা, আজি গাড়ীত যোৱাতকৈ মই খোজেৰেই যাওঁ| 26 00:01:24,000 --> 00:01:28,000 নেপথ্যতঃ আৰু তেওঁ বাট বাই গ'ল আৰু দেখিলে দেধাৰ 27 00:01:28,000 --> 00:01:32,000 আচৰিত আৰু বিস্ময়কৰ বস্তু যি তেওঁ অন্যথা নেদেখিলেহেঁতেন| 28 00:01:32,000 --> 00:01:35,000 ভৰি খজুৱাই থকা হৰিণা এটা| উৰণীয়া মটৰ চাইকেল এখন| 29 00:01:35,000 --> 00:01:40,000 এখন ৰহস্যময় দেৱালে চাইকেল এখনৰ পৰা নিলগাই ৰখা দেউতাক-জীয়েক এহাল 30 00:01:40,000 --> 00:01:45,000 তেওঁ থমকি ৰ'ল| তেওঁৰ সমুখতে তাই খোজ দি গৈ আছে| 31 00:01:45,000 --> 00:01:47,000 একেজনী মানুহ যিয়ে ল'ৰালিত তেওঁৰ স'তে সৰু ছোৱালীজনীহৈ পথাৰত দেও দি ফুৰিছিল 32 00:01:48,000 --> 00:01:49,000 আৰু তেওঁৰ হৃদয় ভাঙিছিল| 33 00:01:49,000 --> 00:01:51,000 নিশ্চয়কৈ তাইৰ বয়সে ভাটি দিছে| 34 00:01:51,000 --> 00:01:52,000 আচলতে তাইৰ বয়সে বাৰুকৈয়ে ভাটি দিছে| 35 00:01:52,000 --> 00:01:55,000 কিন্তু তেওঁৰ যেন তাইৰ প্ৰতি থকা সকলো আবেগ আকৌ উথলি আহিল| 36 00:01:55,000 --> 00:01:58,000 "ফ'ৰ্ড," তেওঁ লাহেকৈ ক'লে| তাইৰ নাম সেইটো| 37 00:01:59,000 --> 00:02:01,000 "একোকে নক'বা গাষ্টি," তাই ক'লে 38 00:02:01,000 --> 00:02:02,000 তেওঁৰ নাম সেয়া| 39 00:02:02,000 --> 00:02:07,000 "চৰাইঘৰটোৰ কাষতে এটা তম্বু আছে, ইয়াৰ পৰা ৩০০ গজমান দূৰত| 40 00:02:07,000 --> 00:02:10,000 ব'লা তালৈকে যাওঁ আৰু দুয়ো দুয়োতে মিলি যাওঁ" 41 00:02:10,000 --> 00:02:14,000 ফ'ৰ্ডে কাপোৰ খুলিলে| তাই এখন ভৰি বহলাই মেলিলে, তাৰপাছত আনখন| 42 00:02:14,000 --> 00:02:18,000 গাষ্টি তাইৰ মাজত বিলীন হ'ল আৰু ছন্দিত সম্ভোগত লিপ্ত হ'ল 43 00:02:18,000 --> 00:02:21,000 আৰু তাই তাকে কেমেৰাত বন্দী কৰিলে কাৰণ তাই চৌখিন প্ৰাপ্তবয়স্ক চিত্ৰ নিৰ্মাতা 44 00:02:21,000 --> 00:02:23,000 পৃ্থিৱীখন কঁপি উঠিল-দুয়োৰে বাবে| 45 00:02:23,000 --> 00:02:26,000 আৰু দুয়ো আজীৱন আনন্দেৰে থাকিল| 46 00:02:26,000 --> 00:02:31,000 আৰু সকলোবোৰ হ'ল কেৱল তেওঁ সেইদিনা খোজেৰে যোৱাৰ বাবে| 47 00:02:32,000 --> 00:02:42,000 (হাত চাপৰি) 48 00:02:42,000 --> 00:02:45,000 এণ্ডি হবছবামঃ আমাৰ হাতত বিজ্ঞান আছে, তৰ্কও আমি কৰিলোঁ| 49 00:02:45,000 --> 00:02:47,000 নৈতিক ৰায়টি এতিয়া আপোনালোকৰ সমুখত| 50 00:02:47,000 --> 00:02:49,000 প্ৰচুৰ সৃজনীশক্তি প্ৰয়োজন এই সকলোবোৰৰ বাবে, 51 00:02:49,000 --> 00:02:51,000 সৰল আৰু ক্ষুৰধাৰ কৰিবলৈ| 52 00:02:51,000 --> 00:02:55,000 সম্পৰ্ক গঢ়িবলৈ| মানুহক সক্ৰিয় কৰিবলৈ| 53 00:02:55,000 --> 00:02:57,000 সেয়ে এয়া এক আহ্বান, এটি গোহাৰি, 54 00:02:57,000 --> 00:02:59,000 বুদ্ধিদীপ্ত অতুলনীয় টেড্ সমাজলৈ| 55 00:02:59,000 --> 00:03:01,000 আহক জলবায়ু পৰিবৰ্ত্তনৰ বিৰূদ্ধে সৃষ্টিশীল হওঁ| 56 00:03:01,000 --> 00:03:03,000 আৰু অনতিপলপে হওঁহক| ধন্যবাদ| 57 00:03:03,000 --> 00:03:04,000 (হাত চাপৰি)